Book Title: Adjust Everywhere Assamese Author(s): Dada Bhagwan Publisher: Dada Bhagwan Aradhana Trust View full book textPage 5
________________ আত্মজ্ঞান প্রাপ্তিৰ প্রত্যক্ষ সম্পর্ক সূত্র ‘মই নিজ হাতেই কেবাজনকো সিদ্ধি প্রদান কৰি যাম। মই যােৱাৰ পিছত অনুগামীৰ প্রয়ােজন থাকিব নে নাথাকিব? ভৱিষ্যৎ প্রজন্মৰ বাবে এই মাৰ্গৰ প্রয়ােজন নাথাকিব জানাে? -দাদাশ্রী পৰম পূজনীয় দাদাশ্রীয়ে গাঁৱে-গাঁৱে, দেশ-বিদেশ পৰিভ্রমণ কৰি মুমুক্ষুসকলক সৎসঙ্গ আৰু আত্মজ্ঞানৰ প্রাপ্তি কৰাইছিল। দাদাশ্রীয়ে নিজৰ জীৱনকালতে পূজ্য ডাঁঃ নীৰবহন আমীন (নীৰুম) ক আত্মজ্ঞান প্রাপ্ত কৰােৱাৰ জ্ঞানসিদ্ধি প্রদান কৰিছিল। দাদাশ্ৰীৰ দেহবিলয়ৰ পাচত নীৰুমায়ে তেনেকৈ মুমুক্ষুসকলক সৎসঙ্গ আৰু আত্মজ্ঞানৰ প্রাপ্তি, নিমিত্ত ভাবেৰে কৰাইছিল। পূজ্য দীপকভাই দেসাইকো দাদাশ্রীয়ে সৎসঙ্গ কৰাৰ সিদ্ধি প্রদান কৰিছিল। নীৰুমৰ উপস্থিতিতে তেওঁৰ আশীর্বাদ লৈ পূজ্য দীপকভাই দেশ-বিদেশৰ অনেক ঠাই পৰিভ্ৰমণ কৰি মুমুক্ষুসকলক আত্মজ্ঞানৰ প্রাপ্তি কৰাইছিল আৰুনীৰমৰ দেহবিলয়ৰ পাচত আজিও চলি আছে। এই আত্মজ্ঞান প্রাপ্ত কৰি হেজাৰ-হেজাৰ মুমুক্ষুৱে সাংসাৰিক আৰু পৰিৱাৰিক দায়িত্ব পালন কৰিও মুক্ত অৱস্থাত থাকি আত্মৰমণতাৰ অনুভৱ কৰিছে। | এই পুস্তকৰ মুদ্রিত বাণী মােক্ষার্থী সকলৰ পথ প্রদর্শনত অত্যন্ত উপযােগী সিদ্ধ হ’ব, কিন্তু মােক্ষ প্রাপ্তিৰ কাৰণে আত্মজ্ঞান প্রাপ্ত কৰাটো আৱশ্যক। অক্রম মার্গৰ দ্বাৰা আত্মজ্ঞান প্রাপ্তিৰ মার্গ আজিও চলি আছে। যেনেকৈ এটা প্রজ্বলিত চাকিহে অন্য চাকি প্রজ্বলিত কৰিব পাৰে, তেনেকৈ প্রত্যক্ষ আত্মজ্ঞানীৰ দ্বাৰা আত্মজ্ঞান প্রাপ্ত কৰিলেহে নিজৰ আত্মা জাগৃত হয়।।Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38