Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________ 31 এতিয়ালৈ এজনাে মানুহ মােৰ পৰা ডিচএডজাষ্ট হােৱা নাই / আৰু এইমানুহবােৰৰ তাে ঘৰৰ চাৰিজন সদস্যও এডজাষ্টনহয়। এডজাষ্ট হ’ব পাৰিব নে নােৱাৰিব ? এনেকুৱা হােৱা সম্ভৱ নে সম্ভৱ নহয় ? আমি যেনেকুৱা দেখোঁ তেনেকুৱা তাে আমি শিকি যাওঁ,নহয় নে ? এই জগতৰ নিয়ম কি যে আপুনি যেনেকুৱা দেখিব সিমান আপুনি শিকিবই পৰিব / তাতে একোৱে শিকিব লগা বিধৰ নাথাকে / কিয় নােৱাৰিব নে? মই যদি আপােনাক কেবল উপদেশ দি থাকোঁ, সেয়াটো নােৱাৰিব, কিন্তু মােৰ আচৰণ আপুনি দেখিলে তাে সহজেই পাৰিব। ইয়াতে ঘৰত এডজাষ্ট’ হ’ব নােৱাৰে আৰু আত্মজ্ঞানৰ শাস্ত্র পঢ়িবলৈ বহি যায়! যাব দিয়া হে ! আগতে এইটো’ শিকি লােৱা নে ! ঘৰত তাে এডজাষ্ট’ হ’বলৈ নাজানে / এনেকুৱা এই সংসাৰ / / সংসাৰত আৰু একো নাজানিলেও কোনাে অসুবিধা নাই / বেপাৰ-বাণিজ্য কৰা কম জানিলেও কোনাে ক্ষতি নাই, কিন্তু এডজাষ্ট হ’ব জানিব লাগে / অর্থাৎ পৰিস্থিতিৰ সৈতে এডজাষ্ট হােৱা শিকিব লাগে। এই যুগত এডজাষ্ট হ’ব নােৱাৰিলে মাৰ খাৱ / এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ হৈ কাৰ্য্য সিদ্ধি কৰি লয় যেন। - জয়সচ্চিদানন্দ

Page Navigation
1 ... 36 37 38