Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 36
________________ কোনােৱে মােক্ষত যােৱা নাই। কিমানেই মূল্যৱান, বাৰ লাখৰ আত্মজ্ঞান হলেও, কিন্তু কি ব্যৱহাৰে এৰিব নে ?! সি নেৰিলে তাে আপুনি কি কৰিব? আপুনি তাে নিশ্চয়েই ‘শুদ্ধাত্মা’কিন্তু ব্যৱহাৰে এৰিলে তেতিয়াহে নে ? আপুনি ব্যৱহাৰক জটিল কৰি থাকে। শীঘ্ৰে সমাধান আনক নে ? | এই ভাইজনক কোৱা হ’ল যে,‘যােৱা দোকানৰ পৰা আইচক্রীম লৈ অহা । কিন্তু আধা ৰাস্তাৰ পৰাই উভতি আহে। মই শুধাে, ‘কিয় ? তাে সি ক’ব যে, ৰাস্তাত গাধ সন্মুখত আহি গল, অমঙ্গল হৈ গ'ল!’ এতিয়া তাৰ এনেকুৱা উল্টা জ্ঞান হৈ গৈছে , তাক মই দূৰ কৰি দিব নালাগিব নে ? তাক বুজাব লাগিব যে ‘ভাই’ গাধৰ ভিতৰত ও ভগৱান বিৰাজিত, এইকাৰণে অমঙ্গল একো নহয়। তুমি গাধক তিৰস্কাৰ কৰিলে সেয়া তাৰ ভিতৰত বিৰাজমান ভগবানক লাগিব।ইয়াতে তােমাৰ ভীষণ দোষ হ’ব। পুনৰাই এনেকুৱা নকৰা যেন। এনেকুৱা উল্টা জ্ঞান হৈছে, এইকাৰণেই মানুহে এডজাষ্ট হ’ব নােৱাৰে । উল্টাক চিধা কৰে, সেয়া সমকিতী। সমকিতীৰ লক্ষণ কি ? তেতিয়া কওঁ যে, ঘৰৰ সকলাে মানুহেই কিবা উল্টা কৰিলেও তেওঁ সৰল কৰি দিয়ে। প্রত্যেক কাৰ্য্যতে সৰল কৰি নিয়াই, সমকিতীৰ লক্ষণ। মই এই জগতৰ বহুত সূক্ষ্ম অনুসন্ধান কৰিছিলোঁ । অন্তিম প্রকাৰৰ অনুসন্ধানৰ পাচত মই এই সকলাে কথা কৈছোঁ ।ব্যৱহাৰত কেনেদৰে থাকিব লাগে, সেয়াও কৈছোঁ আৰু মােক্ষত কেনেকৈ যাৱ পাৰি, এয়াও কৈছোঁ। আপােনাৰ বাধা-বিঘিনি কেনেদৰে কম হয়, এয়াই মােৰ উদ্দেশ্য। আপােনাৰ কথা সন্মুখৰজনৰ ‘এডজাষ্ট’ হ’বই লাগে ।

Loading...

Page Navigation
1 ... 34 35 36 37 38