Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 37
________________ আপােনাৰ কথা সন্মুখৰজনৰ এডজাষ্ট’ নহ'লে সেইটো আপােনাৰেই ভুল । ভুল শুধৰিলে ‘এডজাষ্ট হ’ব। বীতৰাগৰ কথা ‘এভৰীহােৱেৰ এডজাষ্টমেন্ট’ ৰ।। | প্রশ্নকর্তা ও দাদাজী, এডজাষ্ট এভৰীহােৱেৰ এই যি আপুনি ক’লে তাৰ দ্বাৰা তাে সকলাে মহত্বপূর্ণ বিষয়ৰ সমাধান ওলাই আহে ! | দাদাশ্রী ও সকলােৰে সমধান ওলাই যায়। মােৰ এই এটা-এটা শব্দ, সকলােৰে শীঘ্ৰে সমাধান আনিব । এইবােৰে একদম মােক্ষলৈ লৈ যাব। এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ’! প্রশ্নকর্তা : এতিয়ালৈকে যত ভাল লাগিছিল, তাতে সকলােৱে এডজাষ্ট হৈছিল আৰু আপােনাৰ কথা শুনি তাে এনেকুৱা লাগিছে যত ভাল নালাগে, তাতেই প্রথমে নিজেই এডজাষ্ট হৈ যাব লাগে। দাদাশ্রী ও ‘এভৰীহােৱেৰ এডজাষ্ট হ’ব লাগিব । দাদাজীৰ আশ্চৰ্য্য বিজ্ঞান প্রশ্নকর্তা ও ‘এডজাষ্টমেন্ট’ ৰ যিটো কথা ক'লে, তাৰ পিচৰ অন্তনিহিত ভাব কি ? আৰু কিমানলৈকে এডজাষ্টমেন্ট’ লােৱা উচিত? | দাদাশ্রী ও ভাব শান্তিৰ, হেতুও শান্তিৰ । অশান্তি উৎপন্ন হ'ব নিদিয়াৰ এই পদ্ধতি । এয়া দাদাজীৰ ‘এডজাষ্টমেন্ট’ৰ বিজ্ঞান। অদ্ভুত ‘এডজাষ্টমেন্ট’ এই । আৰু যত ‘এডজাষ্ট হ’ব নােৱাৰে, তাৰ সােৱাদ, তাে আপুনি পাইছে, নহয় নে ? ! ‘ডিচএজাষ্টমেন্ট’ এ মূখ । ‘এডজাষ্টমেন্ট’ কে মই ন্যায় কৈছোঁ। আগ্রহ -দুৰাগ্রহ, ইয়াক কোনাে ন্যায় নকয়। কোনাে প্রকাৰৰ আগ্রহ, ন্যায় নহয়। মই কোনােও কথাৰ ওপৰত জিদ কৰি নাথাকোঁ । যি পানীৰ দ্বাৰাই যুগ সিদ্ধ হয়, তাতে সিদ্ধ কৰি লওঁ । শেষত নলাৰ পানীৰেও সিদ্ধ কৰি লওঁ ।

Loading...

Page Navigation
1 ... 35 36 37 38