Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________
১৪
| এই মানুহবােৰক যদি কোনােবাই জোংৰে খোঁচা মাৰে তাে সিহঁতক বচাবলৈ অন্য মানুহ আগবাঢ়ি আহিব, কিন্তু সেই বােবা প্রাণী কাক অভিযােগ কৰিব ? এতিয়া তাৰ এনেকুৱা মাৰ খােৱাৰ সময় কিয় আহিল ? কিয়নাে আগতে অনেক অভিযােগ কৰিছিল। তাৰে এই পৰিণাম আহিছে । সেইসময়ত সত্তাত আছিল, তেতিয়া অভিযােগৰ ওপৰত অভিযােগ কৰিছিল। এতিয়া সত্তাতনাই, এইকাৰণেই অভিযােগ নকৰাকৈ থাকিব লাগিব । এইকাৰণে এতিয়া ‘প্লাস- মাইনস’ কৰি দিয়া। ইয়াৰ সলনি ফৰিয়াদীয়েই নহ'ব । তাতে কি ভুল ?ফৰিয়াদী হলে তেতিয়াহে অপৰাধী হােৱাৰ সময় আহিব, নহয় নে ? আমি তাে অপৰাধীও হ’ব নালাগে আৰু ফৰিয়াদীও হ'ব নালাগে! সন্মুখৰজনে গালি দি গলে, সেয়া জমা কৰি ল'ব । ফৰিয়াদীনহ’বই । আপুনি কি ভাবে ? ফৰিয়াদী হােৱা উচিত নে? কিন্তু তাৰ সলনি আগৰ পৰাই এডজাষ্ট হৈ যাওঁ, তাে তাতে কি ভুল?
উল্টা কোৱাৰ পিছত ব্যৱহাৰত এডজাষ্টমেন্ট’কৰাটোকেই এই কালত ‘জ্ঞান’ কোৱা হয়। হয়, এডজাষ্টমেন্ট ল’ব। এডজাষ্টমেন্ট ভাঙিছে, তেতিয়াও এডজাষ্ট কৰি ল'ব । আপুনি তেওঁক ভাল-বেয়া কৈ দিছে । এনেকৈ কোৱা, এই আপােনাৰ হাতত নাই । আপুনিও কেতিয়াবা কয় নে নকয়? কিন্তু পিছত তৎক্ষনাতেই বুজি পােৱা যে ভুল হৈ গৈছে। বুজি নপােৱাকৈ নাথাকে, কিন্তু সেই সময়ত আমি এডজাষ্ট কৰিবলৈ নাযাওঁ ।পিচত তৎক্ষনাতেই তাৰ ওচৰলৈ গৈ ক'ব লাগে যে ,ভাই’ মােৰ মুখেৰে সেই সময়ত ভালবেয়া কৈ দিছিলোঁ, মােৰ ভুল হৈছে , এইকাৰণে মােক ক্ষমা কৰিবা ! তেতিয়া এডজাষ্টমেন্ট হৈ গ'ল। ইয়াতে কিবা অসুবিধা আছে ?
প্রশ্নকর্তা ও নাই, কোনাে অসুবিধা নাই ।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38