Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 27
________________ সকলাে ফুলেই কাজিয়া কৰে । এজনে ক’ব যে মােৰ এনেকুৱা, তাে অন্যজনে ক’ব যে মােৰ এনেকুৱা । তেতিয়া এজনে ক’ব যে তােমাৰ কাইট আছে, আঁতৰি যা, তােৰ সৈতে কোনে ঠিয় হ’ব ? এনেকুৱাকৈ কাজিয়া চলিয়েই থাকে। কাউন্টাৰ পুলীৰ চমকাৰ আমি নিজৰ অভিপ্রায় প্রথমে ৰাখা উচিত নহয়। সন্মুখৰজনক সুধিব যে এই বিষয়ে আপুনি কি ক’ব বিচাৰিছে ? সন্মুখৰজনে নিজৰ মত ধৰি ৰাখে, তাে মই নিজৰ কথা এৰি দিওঁ । আমি তাে এইটোৱেই চাব লাগে যে কেনেকৈও যাতে সন্মুখৰজনৰ দুখ নহয়। নিজৰ অভিপ্রায় সন্মুখৰজনৰ ওপৰত জাপি দিব নালাগে। সন্মুখৰজনৰ অভিপ্রায় আপুনি ল'ব লাগে। মই তাে সকলােৰে অভিপ্রায় স্বীকাৰ কৰি ‘জ্ঞানী’ হৈছে। মই নিজৰ অভিপ্রায় কাৰােবাৰ ওপৰত জাপি দিলে তাে মই অবুজ হৈ যাম । নিজৰ অভিপ্রায়ৰ দ্বাৰা কোনাে লােকৰে দুখ হ'ব নালাগে।। আপােনাৰ ৰিভলিউশ্বন’ওঠৰ শৰ হয় আৰু অন্যজনৰ ছয় শৰ হয় আৰু আপুনি নিজৰ অভিপ্রায় তেওঁৰ ওপৰত জাপি দিলে, তাে তেওঁৰ ইঞ্জিন’ ভাঙি যাব। তেওঁৰ সমস্ত ‘গীয়াৰ সলাব লাগিব। | প্রশ্নকর্তা ঃ ‘ৰিভলিউশ্বন’ মানে কি? | দাদাশ্রী ঃ এই যিটো চিন্তা কৰাৰ স্পীড, সেইটো প্রত্যেকৰে বেলেগ-বেলেগ হয়। কিবা ঘটনা ঘটিলে মন এ এক মিনিটত কিমানবােৰ দেখাই দিয়ে, তাৰ সমস্ত পৰ্য্যায় ‘অ্যাট এ টাইম’ দেখাই দিয়ে। এই ডাঙৰ-ডাঙৰ প্ৰেজিডেন্ট সকলৰ এক মিনিটত বাৰ শ ‘ৰিভলিউশ্বন’ ঘূৰে আৰু মােৰ পাঁচ হাজাৰ আৰু ভগবান মহাবীৰৰ লাখ ‘ৰিভলিউশ্বন’ ঘূৰিছিল!

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38