Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________
২২
পুলী' দিব নাজানে, তাত কম ‘ৰিভলিউশ্বন’ৰ ইঞ্জিনৰ কি দোষ? সেইটো আপোনাৰ ভুল যে ‘কাউন্টাৰ পুলী' দিব নাজানে !
শিকক, ফিউজ লগোৱা
ইমানখিনিয়ে বুজি ল'ব যে এই ‘মেশ্বীনাৰী’ কেনেকুৱা ! তাৰ ‘ফিউজ’উৰি গ’লে কেনেকৈ ‘ফিউজ’লগোৱা হয়। সন্মুখৰজনৰ প্ৰকৃতিৰ সৈতে ‘এডজাষ্ট’ হ’ব পাৰিব লাগে । মোৰ তো, যদি সন্মুখৰজনৰ ‘ফিউজ’ উৰি যায়, তেনেহ'লেও এডজাষ্টমেন্ট হয়। কিন্তু সন্মুখৰজনৰ ‘এডজাষ্টমেন্ট’ ভাঙি যায় তেতিয়া কি হ’ব? ‘ফিউজ’ উৰি গ’ল, তো তেওঁ বেৰৰ সৈতে খুন্দিয়াব, দুৱাৰৰ সৈতে খুন্দা খাৱ, কিন্তু তাঁৰ নিছিঙে, কানেকশন নিছিঙে। এইকাৰণে যদি কোনোবাই ফিউজ লগাই দিয়ে তেতিয়া পুণৰ সকলো ঠিক হৈ যাব, নহ'লে তেতিয়ালৈকে তেওঁ অশান্তিতে থাকিব।
আয়ু কম আৰু জঞ্জাল বেছি
সকলোতকৈ ডাঙৰ দুখ কি ? ‘ডিচএডজাষ্টমেন্ট’। তাত এডজাষ্ট এভৰীহোৱেৰ কৰিলেনো কি আপত্তি থাকিব পাৰে ? প্রশ্নকর্তা ঃ তাতে তো পুৰষাৰ্থ লাগে ।
দাদাশ্রী ঃ কোনো পুৰষাৰ্থ নালাগে। মোৰ আজ্ঞাৰ পালন কৰক যে দাদাজীয়ে কৈছে যে ‘এডজাষ্ট এভৰীহোৱেৰ’, তেতিয়া ‘এডজাষ্ট হৈ থাকিব । ‘পত্নীয়ে কয় যে, ‘তুমি চোৰ’ । তেতিয়া ক’বা যে ‘ইউ আৰ কাৰেক্ট'। পত্নীয়ে দেড়শ টকাৰ শাড়ী আনিবলৈ ক'লে, আপুনি পঁচিশ টকা বেছি দিব তেতিয়া ছয় মাহ পৰ্য্যন্ত সকলো ঠিকঠাক চলি থাকিব !

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38