Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________
চোৱা, ব্রহ্মাজীৰ একদিন, সিমান আমাৰ গােটেই জীৱন! ব্রহ্মাজীৰ এদিনৰ সমান জীৱন আৰু এই কি জঞ্জাল ? যদি আপুনি ব্রহ্মাজীৰ এশ বছৰ জীৱিত থাকে তেনেহ'লে ভাবাে যে, ‘ঠিকে আছে। এডজাষ্ট কিয় হ’বা ?’দাবী দাখিল কৰিব ক’ব। কিন্তু এই তাে সােনকালে শেষ কৰিব লাগিব, তাৰ কি কৰিব লাগিব ? এডজাষ্ট হৈ যাব নে দাবী দাখিল কৰিবলৈ ক'ব? কিন্তু এয়াতাে এদিন মাথাে, এইটো সােনকালে শেষ কৰিব লাগিব। যিটো কাম সােনকালে শেষ কৰিব লাগে, তাতে কি কৰিব লাগিব ? এডজাষ্ট হৈ সৰু কৰি দিব লাগিব, নহ'লে বাঢ়িয়ে থাকিব নেনবঢ়াকৈ থাকিব ?পত্নীৰ সৈতে কাজিয়া কৰিলে ৰাতি টোপনী আহিব নে ? আৰু ৰাতিপুৱা ভাল জলপানও খাব নাপাব।
আত্মস্থ কৰক জ্ঞানীৰ জ্ঞানকলা! কোনােবা দিনা পত্নীয়ে কয়, “মােক সেই শাড়ীখন আনি নিদিয়ে নে ? মােক সেই শাড়ীখন আনি দিব লাগিব। তেতিয়া স্বামীয়ে সুধিব, ‘তুমি কিমান দামৰ সাড়ী দেখিছিলা?’ পত্নীয়ে ক'ব, বাইশ শ টকাৰ বেছি নহয়। তেতিয়া তেওঁ ক'ব, তুমি বাইশ শ টকাৰ কৈছা কিন্তু মই এতিয়া টকা পাম ক’ত? এতিয়া হাতত টকা নাই, দু শ তিনি শ টকাৰ হলে আনি দিলােহেঁতেন, কিন্তু তুমি বাইশ শ কৈছাঁ৷ তেওঁ খং কৰি বহি থাকিলে, তেতিয়া কি দশা হ’ব পিছত ! মনত এনেকুৱাও বিচাৰ আহে যে হেৰা, ইয়াতকৈ তাে বিয়া নকৰালেই ভাল আছিল । বিয়াৰ পিছত প্রায়শ্চিত হয়, তাতে কি লাভ ? অর্থাৎ এইবােৰেই দুখ ।
প্রশ্নকর্তা ও আপুনি এনেকৈ ক'ব বিচাৰিছে পত্নীক বাইশ শ টকাৰ শাড়ী আনি দিব লাগিব ?
দাদাশ্রী ও আনি দিব নে আনি নিদিয়ে সেইটো আপােনাৰ

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38