Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 28
________________ এই মতভেদ হােৱাৰ কাৰণ কি ? আপােনাৰ পত্নীৰ এশ ‘ৰিভলিউশ্বন’ থাকে আৰু আপােনাৰ পাঁচ শ ‘ৰিভলিউশ্বন’ থাকে আৰু আপুনি মাজত ‘কাউন্টাৰ পুলী’দিব নাজানে, এইকাৰণে স্ফুলিঙ্গ উৎপন্ন হয় আৰু কাজিয়া হৈ থাকে। হেৰা ! কেতিয়াবা - কেতিয়াবা তাে ইঞ্জিন’ ও ভাঙি যায়। ‘ৰিভলিউশ্বন’ মানে বুজিলে নে আপুনি ? আপুনি এই বনুৱাৰ সৈতে কথা ক'লে তাে আপােনাৰ কথা সি বুজি নাপাব। তাৰ ‘ৰিভলিউশ্বন’পঞ্চাশ আৰু আপােনাৰ পাঁচ শ থাকে। কাৰােবাৰ হাজাৰ হয়, কাৰােবাৰ বাৰ শ হয়, যেনেকুৱা যাৰ ডেভেলপমেন্ট হয়, সেই অনুসৰি ৰিভলিউশ্বন’হয়। মাজত ‘কাউন্টাৰ পুলী’দিলেহেসি আপােনাৰ কথা বুজিব পাৰিব। কাউন্টাৰ পুলী’ মানে আপুনি মাজত পেটী দি আপােনাৰ ৰিভলিউশ্বন কম কৰিব লাগিব। মই প্রত্যেক মানুহৰ সৈতে ‘কাউন্টাৰ পুলী’ দি দিওঁ। অকল অহংকাৰ গুচি গ'লেই কাম হ’ব এনে নহয়। কাউন্টাৰ পুলী’ ও প্রত্যেকৰে সৈতে দিব লগা হয়। এইকাৰণে মােৰ কাৰে সৈতে মতভেদেই নহয়। মই জানাে যে এই ভাই ৰ ইমানখিনিয়ে ‘ৰিভলিউশ্বন’হয়। এইকাৰণে সেই অনুসৰি মই ‘কাউন্টাৰ পুলী’ দি দিউ। সৰু ল'ৰা-ছােৱালীৰ স’তেও মই খাপ খাওঁ। কিয়নাে মই সিহঁতৰ সৈতে চল্লিশ ৰিভলিউশ্যন লগাই কথা পাতোঁ। এইবাবে মােৰ কথা সিহঁতে বুজিব পাৰে, নহ'লে সেই ‘মেশ্বিন’ ভাঙি যাব। প্রশ্নকর্তা : কোনােবা সন্মুখৰজনৰ লেভেলত আহে, তেতিয়াহে কথা হয় ? দাদাশ্রী ও হয়, তেওঁৰ ৰিভলিউশ্বন ত আহে তেতিয়াহে কথা হ’ব। আপােনাৰ সৈতে কথা-বতৰা কৰি থাকোতে মােৰ ৰিভলিউশন কত-ক’ত ঘূৰি আহিল! সমগ্র বিশ্ব ঘূৰি আহিল! আপুনি কাউন্টাৰ ।

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38