Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 26
________________ ১৯ নাজানে, তেওঁৰ কি হ’ব ? তেওঁৰ দুখ তাে হ’বই ! জগতৰ এই নিৰীক্ষণ কৰাৰ দৃষ্টিনাই । অন্যথা,কোনাে বেয়া নহয়েই। এই মতভেদ তাে নিজৰ অহংকাৰৰ কাৰণে হয়। যােনে চাব নাজানে, তেওঁৰ অহংকাৰ আছে । মােৰ অহংকাৰ নাই কাৰণে সমস্ত জগতৰ কাৰােৱে সৈতে মােৰ মতভেদ, নহয়। মই চাবলৈ জানাে যে এইটো গােলাপ’, এইটোমােগৰা’, এইটো ‘ধতুৰা’, এইটো তীতা ‘কুদৰু ৰ ফুল। এনেকুৱাকৈ সকলাে মই চিনি পাওঁ। মানে বাগিছাৰ নিচিনা হৈ গৈছে । এইটো প্রশংসনীয় নহয় নে ? আপুনি কি ভাৱে ? প্রশ্নকর্তা ও ঠিকে আছে। দাদাশ্রী : কথা তাে এনেকুৱা যে, প্রকৃতিত পৰিবর্তন নহয়। সেই তাে যেনেকুৱাৰ তেনেকুৱাই বস্তু, তাতে পার্থক্য নহয়। মই প্রত্যেক প্রকৃতিক জানিছোঁ, এইকাৰণে তৎক্ষণাৎ চিনি পাওঁ। এইকাৰণে মই প্রত্যেকৰে সৈতে তেওঁৰ প্রকৃতি অনুসৰি থাকোঁ। সূৰ্য্যৰ সৈতে যদি আমি দুপৰীয়া বাৰ বজাত বন্ধুত্ব কৰোঁ তেতিয়া কি হ'ব ? এইদৰে যদি আমি বুজি লওঁ যে এই গ্রীস্মৰ সূৰ্য্য, এই শীতৰ সূৰ্য্য এনেকুৱাকৈ সকলাে বুজিলে কিবা অসুবিধা হ’ব নে ? মই প্রকৃতি চিনি পাওঁ, এইকাৰণে আপুনি খুন্দিয়াব বিচাৰিলেও মই খুন্দিয়াব নিদিওঁ, মই আঁতৰি যাম । নহ'লে দুয়ােৰেই এক্সিডেন্ট হৈ যাব আৰু দুয়ােৰেই স্পেয়ৰপার্টচ ভাঙি যাব । কাৰােবাৰ বাম্পাৰ ভাঙি যায় তাে ভিতৰত বহি থকা সকলৰ কি অৱস্থা হ'ব ? বহি থকা সকলৰ তাে দুর্দশা নহ'ব নে ! এইকাৰণে প্রকৃতি চিনক। ঘৰত প্রত্যেকৰেই প্রকৃতি চিনি ল'ব লাগিব । এই কলিযুগত প্রকৃতি খেতিৰ নিচিনা নহয়, বাগিচাৰ নিচিনা। এজন চম্পা, অন্যজন গােলাপ, মােগৰা, চামেলী আদি। এইকাৰণে

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38