Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________
১১
অথবা প্রার্থনাৰ এডজাষ্টমেন্ট প্রশ্নকর্তাঃসন্মুখৰ জনক বুজাবৰ বাবে মই মােৰ পুৰষাৰ্থ কৰিলাে, তাৰপিছত তেওঁ বুজে - নুবুজে সেইটো তেওঁৰ পুৰষাৰ্থ ?
দাদাশ্রী ও আমাৰ দায়িত্ব ইমানেই যে আমি তেওঁক বুজাও। যদি তেওঁ নুবুজে তাে তাৰ উপায় নাই। তাৰ পিছত আপুনি ইমানখিনিয়ে ক’ব যে ,হে দাদা ভগৱান ! এওঁক সদবুদ্ধি দিয়ক।ইমানখিনিয়ে ক’ব লাগিব । তেওঁক মাজত ওলমাই থ'ব নােৱাৰে। এয়া কোনাে গল্প নহয়। এয়া ‘দাদাজী’ৰ ‘এডজাষ্টমেন্ট ' ৰ বিজ্ঞান, আশ্চর্যজনক এই ‘এডজাষ্টমেন্ট’ । আৰু যত এডজাষ্ট’হ’ব নােৱাৰে, তাত তাৰ সােৱাদো নিশ্চয়ই অনুভৱ হৈছে আপােনাৰ ? ডিচএডজাষ্টমেন্ট’ এ মূখ। কিয়নাে তেওঁ ভাবে যে মই স্বামিত্ব এৰি নিদিও আৰু মােৰ কথামতেই সকলােৱে চলিব লাগিব । এনেকুৱাকৈ মানি চলিলে গােটেই জীৱন ভােকত মৰিবা আৰু এদিনাখন কাঁহিত ‘পেইজন’(বিষ) আহি পৰিব! সহজৰূপত যি চলিছে, সেয়া চলিব দিয়া ! এইটো কালিযুগ।বাতাবৰণেই কেনেকুৱা ?! এইকাৰণে যেতিয়া পত্নীয়ে কয় যে, “আপুনি নালায়ক হয়। তেতিয়া ক’ব, বহুত ভাল ।
টেড়া (কুটিল) প্ৰকৃতিৰ সৈতে এডজাষ্ট হৈ যাওঁক
প্রশ্নকর্তাঃব্যৱহাৰত থাকিব লগা হয়, এইকাৰণে‘এডজাষ্টমেন্ট একপক্ষীয় হ'ব নালাগে, নহয় নে ?
দাদাশ্রী ও ব্যৱহাৰ তাে সেইটোকেই ক’ব যে, এডজাষ্ট হৈ যায় যাতে ওচৰ-চুবুৰীয়াও কয় যে সকলাে ঘৰতে কাজিয়া হয়, কিন্তু এইখন ঘৰত কাজিয়া নহয়। তেওঁৰ ব্যৱহাৰ সর্বোত্তম কোৱা হয়। যাৰ সৈতে ভাল নালাগে , তাতেই শক্তি বিকশিত কৰিব লাগিব । অনুকূল।

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38