Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 16
________________ এইকাৰণে আপুনি তেওঁক চিধা কৰিবও নালাগে আৰু তেৱো আপােনাক চিধা কৰিব নালাগে । যেনে পালে, সােনৰ তুল্য। প্রকৃতি কাৰাে কেতিয়াও চিধা হ’ব নােৱাৰে । কুকুৰৰ নেজ টেড়াৰ টেড়ায়ে থাকিব। এইকাৰণে আপুনি সাবধান হৈ খােজ দিয়ক । যেনে আছে। তেনেই ঠিকে আছে, ‘এডজাষ্ট এভৰীহােৱেৰ। পত্নী হ’ল কাউন্টাৰ ওৱেট’ | প্রশ্নকর্তা : মই ৱাইফৰ সৈতে এডজাষ্ট হােৱাৰ বহুত চেষ্টা কৰোঁ, কিন্তু এডজাষ্টমেন্ট নহয়। | দাদাশ্রী ঃ এই সকলাে হিচাবৰ অনুসৰি হয়! বেকা বলটু আৰু বেকা নাট, তাত চকা চিধাকৈ ঘূৰালে কিদৰে কাম চলিব ? আপােনাৰ এনেকুৱা ভাৱ হ'ব পাৰে যে এই স্ত্রী জাতি এনেকুৱা কিয় ? কিন্তু স্ত্রী জাতি তাে আপােনাৰ ‘কাউন্টাৰ ওৱেট’ হয়। যিমানে আপােনৰ দোষ, সিমানে তেওঁ টেড়া; এইকাৰণেই তাে সকলাে ‘ব্যৱস্থিত’ এনেকৈ মই কৈছো নহয় ! প্রশ্নকর্তা ও সকলােৱেই আমাক চিধা কৰিবলৈ আহিছে, এনে ভাৱ হয়। দাদাশ্রী ও সেই তাে আপােনাক চিধা কৰিবই লাগিব । চিধা নহ'লে কি সংসাৰ চলিব ? চিধা নহ'লে পিচত পিতা কেনেদৰে হ’ব ? চিধা হ’ব তেতিয়াহে পিতা হ’ব পাৰিব । স্ত্রী জাতি অলপ এনেকুৱা যে। সিহঁতে পৰিবর্তন নহয়, এইকাৰণে আমি পৰিবৰ্তন হ'ব লাগিব । সেয়া সহজ জাতি, সিহঁতৰ পৰিবৰ্তন হ'ব এনেকুৱা নহয়। ৱাইফ, সেইটো কি বস্তু ? প্রশ্নকর্তা ঃ আপুনি কওঁক ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38