Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 17
________________ দাদাশ্রী : ৱাইফ ইজ দি কাউন্টাৰ ওৱেট অফ ম্যান । সেই কাউন্টাৰ ওৱেট যদি নাথাকে তেতিয়া মানুহজনেই ভাঙি পৰিব । প্রশ্নকর্তা : এইটো বুজি পােৱা নাই । | দাদাশ্রী ইঞ্জিনত কাউন্টাৰ ওৱেট ৰখা হয়, নহ'লে ইঞ্জিন চলি চলি ভাঙি যাব । এইদৰেই মানুহৰ কাউন্টাৰ ওৱেট স্ত্রী হয়। স্ত্রী থাকিলেতাে ভাঙি নপৰিব । নহ'লে দৌৰা-দৌৰি কৰিও কোনাে ঠিকনা নাথাকিলে হয়, আজি ইয়াতে নতুবা কালি ক’ৰ পৰা কোন ঠাইত গুচি গ’লহেঁতেন । পত্নী আছে কাৰণেই তেওঁ উভতি ঘৰলৈ আহে, নহ'লে তেওঁ ঘৰ উভতিলে হয় নে ? প্রশ্নকর্তাঃ নাহিলে হয়। দাদাশ্রী ও স্ত্রী কাউন্টাৰ ওৱেট হয় তেওঁৰ ।। সংঘাত, অৱশেষত অন্ত পায় প্রশ্নকর্তা : দুপৰীয়ালৈ ৰাতিপুৱা হােৱা সংঘাত পাহৰি যাওঁ আৰু সন্ধিয়ালৈ পুনৰ নতুন হয়। দাদাশ্রী ? মই এইটো জানাে যে সংঘাত কোন শক্তিৰ দ্বাৰা হয়। তেওঁ বিপৰীতে কয়, তাতে কোনটো শক্তি কাম কৰিছে ? কোৱাৰ পিছত পুনৰ এডজাষ্ট হৈ যায়, এই সকলােবােৰ জ্ঞানৰ দ্বাৰা বুজা যায়, এনেকুৱা । তথাপিও সংসাৰত এডজাষ্ট’ হ’ব লাগিব । কিয়নাে প্রত্যেক বস্তুৰেই অন্ত আছে । আৰু ধৰি লােৱা সেই বস্তু অধিক সময়লৈকে চলিলেও আপুনি তেওঁক ‘হেল্প’ কৰা নাই, বৰং অধিক লােকচান কৰিছে । আপুনি আপােনাৰ নিজৰ আৰু সন্মুখৰ জনৰাে লােকচান কৰিছে।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38