Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust
View full book text
________________
৭
প্রশ্নকর্তা : কিন্তু তেখেতে আঠ বজাত কোৰোবাত মিটিং ত যাব লগা হয় আৰু পত্নীয়ে কয় যে, ‘এতিয়া শুই যাওঁক’, তেনেহ'লে তেখেতে কি কৰিব?
দাদাশ্রী ঃ এনেকুৱা কল্পনা নকৰিব? প্রকৃতিৰ নিয়ম এই যে ‘হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে' (য’তে সংকল্প, ত’তে পথ!) কল্পনা কৰিব তো বেয়া হ'ব। সেই দিনা তেখেতেই ক'ব যে ‘আপুনি সোনকালে যাওঁক, সোনকালে যাওঁক' নিজে গেৰেজলৈকৈ থবলৈ আহিব, কল্পনা কৰাৰ বাবেই সকলো নষ্ট হয়। এইকাৰণে এখন কিতাপত লিখিছে, “হোৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে’ পালন কৰিব পাৰিলেই যথেষ্ট হ'ব। পালন কৰিব নে?
প্রশ্নকর্তা ঃ হয় ।
দাদাশ্ৰী ঃ লোৱা, প্ৰমিচ্ কৰা । অৰে বাহ! ইয়াকেই কয় শূৰবীৰ ! প্ৰমিচ্ কৰিছে।
ভোজনত এডজাষ্টমেন্ট
ব্যৱহাৰ সঠিক (পালন কৰা) তেতিয়াহে কোৱা হয় যিজনে ‘এডজাষ্ট এভৰীহোৱেৰ' হয়! এতিয়া ডেভলপমেন্টৰ সময় আহিছে। মতভেদ হ’ব দিব নালাগে। এইকাৰণে এতিয়া মানুহক মই সূত্ৰ দিছোঁ, ‘এডজাষ্ট এভৰীহোৱেৰ’! এডজাষ্ট,এডজাষ্ট, এডজাষ্ট। কঢ়ী (এক প্ৰকাৰৰ ব্যঞ্জন) কেহা বা তিতা হ'লে বুজি ল’বা যে দাদাজীয়ে এডজাষ্টমেন্ট ল'বলৈ কৈছে। পিছত কঢ়ী অলপ খাই ল’বা। হয়, আচাৰ মনত পৰিলে খুজি ল'ব যে অলপ আচাৰ লৈ আহক। কিন্তু কাজিয়া নকৰিব, ঘৰত কাজিয়া হোৱা উচিত নহয় । নিজে কোনোবা ঠাইত বিপদত পৰিলে, তেতিয়া তাত নিজেই এডজাষ্টমেন্ট কৰি লওঁক, তেতিয়া সংসাৰ সুন্দৰ হৈ পৰিব।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38