Book Title: Adjust Everywhere Assamese
Author(s): Dada Bhagwan
Publisher: Dada Bhagwan Aradhana Trust

View full book text
Previous | Next

Page 13
________________ আপুনি কয় যে, নহয়, এতিয়া মই বাহিৰলৈ যাম সৎসঙ্গ ত যাম’, তেতিয়া তেওঁ এডজাষ্ট হৈযাব লাগে। যি জনে প্রথমে কয়, তেওঁৰ সৈতে এডজাষ্ট হৈ যােৱা। প্রশ্নকর্তা ও তেনেহলে প্রথমে কোৱাৰ বাবে কাজিয়া হ’ব। দাদাশ্রী ও হয়, এনে কৰিব। এনে কৰিব কিন্তু তেওঁৰ সৈতে এডজাষ্ট হৈ যাব। কিয়নাে তােমাৰ হাতত সত্তা নাই। সেই সত্তা কাৰ হাতত আছে, সেইটো মই জানাে। তেনেহ'লে ইয়াতে ‘এডজাষ্ট হােৱাত আপােনাৰ কিবা অসুবিধা আছে ভাই? প্রশ্নকতা ঃ নাই, একোৱেই নাই। দাদাশ্রী ও ভনী, আপােনাৰ আপত্তি আছেনে? প্রশ্নকতা ঃ নাই। দাদাশ্রী ও তেনেহ'লে তাৰ সমাধান কৰি দিয়ক নে!‘এডজাষ্ট এভৰীহােৱেৰ’! ইয়াতে কিবা আপত্তি আছেনে? প্রশ্নকতা ঃ নাই, একোৱেই নাই। দাদাশ্রী ঃ যদি তেওঁ প্রথমে কয় যে, আজি পিয়াজৰ পকোৰা, লাৰু, সবজী সকলাে বনােৱা, তেতিয়া আপুনি এডজাষ্ট হৈ যাব আৰু আপুনি কয় যে আজি সােনকালে শুইযাম তেনেহ'লে তেখেতে এডজাষ্ট হৈ যাব লাগে। (পতিক উদ্দেশ্য কৰি) আপােনাৰ কোনাে বন্ধুৰ তাত যাব লগা থাকে, তথাপিও স্থগিত কৰি সােনকালে শুই যাব। কিয়নাে বন্ধুৰ সৈতে জঞ্জাল হলে তাে দেখা যাব, কিন্তু ইয়াতে ঘৰত হ'বলৈ নিদিব। বন্ধুৰ সৈতে ভালে থাকিবৰ বাবে ঘৰত কাজিয়া কৰে, এনে হ'লে নচলিব। অর্থাৎ তেওঁ প্রথমে কয় তেনেহ'লে আপুনি এডজাষ্ট হৈ যাব লাগে।

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38