Book Title: Adjust Everywhere Assamese Author(s): Dada Bhagwan Publisher: Dada Bhagwan Aradhana Trust View full book textPage 8
________________ এডজাষ্ট এভৰীহােৱেৰ আত্মসাৎকৰক এটাই শব্দ প্রশ্নকর্তা ও এতিয়া তাে জীৱনত শান্তিৰ সৰল মার্গ বিচাৰিছোঁ। দাদাশ্রী ও এটাই শব্দ জীৱনত ফলিত কৰিব লাগিব, নির্ভুল ভাৱে, একজেক্ট? প্রশ্নকর্তা ও একজেক্ট, হয়। দাদাশ্রী ও ‘এডজাষ্ট এভৰীহােৱেৰ ইমান শব্দটিয়ে যদি আপুনি জীৱনত ফলিত কৰিব পাৰে তেনেহ'লেই যথেষ্ট হ’ব। আপুনি শান্তি নিজে নিজে লভিব। পােন প্রথমে ছয় মাহলৈকে বাধা-বিঘিনি আহিব, পিচত নিজে নিজেই শান্তি ঘূৰি আহিব। প্রথম ছয় মাহলৈকে আগৰ ৰিয়্যাকশ্বন আহিব, পলমকৈ আৰম্ভ কৰাৰ কাৰণে। এইকাৰণে ‘এডজাষ্ট এভৰীহােৱেৰ’ ! এই কলিযুগৰ এনে ভয়াবহসময়ত যদি এডজাষ্টনহয়, তেনেহ'লে শেষ হৈ যাব। সংসাৰত অন্য একো নাজানিলেও ক্ষতি নাই কিন্তু এডজাষ্ট হ'বলৈ শিকিবই লাগিব। সন্মুখৰজনে ‘ডিচএডজাষ্ট’ হৈ থাকিলেও, কিন্তু আপুনি এডজাষ্ট হৈ থাকিলে সংসাৰ সমুদ্র সাঁতােৰি পাৰ হৈ যাব। যিয়ে অন্যৰ অনুকূল হ’ব পাৰিছে, তেওঁৰ কোনাে দুখেই নাথাকিব।‘এডজাষ্ট এভৰীহােৱেৰ’ ! প্রত্যেকৰে সৈতে এডজাষ্টমেন্ট হয়, এইটোৱেই সকলােতকৈ ডাঙৰ ধর্ম। এই যুগত ভিন্ন-ভিন্ন প্রকৃতিৰ মানুহ আছে, এইকাৰণে এডজাষ্ট নহ'লে কেনেকৈ চলিব ? হস্তক্ষেপ নকৰিব, এডজাষ্ট হৈ যাব | সংসাৰৰ অর্থইসমশৰণ মার্গ, এইকাৰণে নিৰন্তৰ পৰিবৰ্তন হৈয়ে। থাকে। কিন্তু এই বৃদ্ধসকলে পুৰণি যুগটোকেই ধৰি থাকে। হেৰা, যুগৰPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38