________________
প্রশ্নকর্তা ও কিন্তু কিমান সচেতন হ'ব লাগিব, প্রতি মুহূর্তে।
দাদাশ্রী ও প্রতি মুহূর্তে, চব্বিশ ঘন্টাই জাগৃতি (বা জাগৰণৰ প্রয়ােজন), তাৰ পিচত এই ‘জ্ঞান’আৰম্ভ হ’ল। এই ‘জ্ঞান’এনেই হােৱা নাই ! অর্থাৎ প্রথমৰ পৰাই এইদৰে সকলাে ‘এডজাষ্টমেন্ট’ লৈছিলোঁ। যিমান সম্ভৱ, তেতিয়ালৈকে বিদ্বেষ (বা মনােমালিন্য) হ’ব দিয়া নাই ।
| এবাৰ মই গা ধুবলৈ গৈছিলোঁ, তেতিয়া মগ ৰাখিব পাহৰি গৈছিল। এতিয়া যদি মই এডজাষ্ট নকৰোঁ তাে মই কি জ্ঞানী ? মই এডজাষ্ট কৰি লওঁ। হাত দি দেখিলোঁ পানী বহুত গৰম ।নলী খুলিলাে তাে টেংকি খালি । পিছত মই লাহে-লাহে হাতেৰে পানী লিপি ঠাণ্ডা কৰি গা ধুলোঁ । সকলাে মহত্মাই কলে যে, “আজি দাদাজীৰ গা ধােৱাত অনেক সময় লাগিছে। তাে কি কৰিম? পানী ঠাণ্ডা হলে তেতিয়াহে নে ? মই কাকোৱে এইটো আনা আৰু সেইটো আনা’ এনেকৈ নকওঁ। এডজাষ্ট হৈ যাওঁ । এডজাষ্ট হৈ যােৱাই ধর্ম। এই জগতত তাে প্লাচমাইনাচৰ এডজাষ্টমেন্ট কৰিব লগা হয়। মাইনাচ হলে তাতে প্লাচ আৰু প্লাচ হলে তাতে মাইনাচ কৰিব লগা হয়। মােৰ বােধশক্তিকও যদি কোনােবাই পাগলামি কয় তাে মই কম, ‘হয়, ঠিকে আছে। তৎক্ষণাৎ তাক মাইনাচ কৰি দিওঁ।
যিয়ে এডজাষ্ট হ’বনাজানে তাক মানুহ কেনেকৈ ক'ব ?যিজনে সংযােগৰ বশ হৈ এডজাষ্ট হৈ যায়, সেইখন ঘৰত একো জঞ্জাল নহয়। মইও হীৰাবাৰ সৈতে এডজাষ্ট হৈ আচিলোঁ নহয়! তেওঁৰ লাভ ল’ব বিচাৰে যদি এডজাষ্ট হৈ যাওঁক। এয়া কোনাে বস্তুৰ লাভও নহয় আৰু ওপৰঞ্চি শত্রুতাৰ সৃষ্টি কৰিব । কিয়নাে প্রত্যেক জীৱ স্বতন্ত্র আৰু নিজে সুখ বিচাৰি আহিছে । সি অন্যক সুখ দিবলৈ অহা নাই । এতিয়া সি সুখৰ সলনি দুখ পালে তাে শত্রুতা বান্ধিব, তেওঁ পত্নী হওঁক বা পুত্র হওঁক ।