________________
২৬
মই তৎক্ষণাত খানা খাবলৈ বহি যাম। মই আপোনাৰ সৈতে ‘এডজাষ্ট’
হৈ যাম ।
কাঁহিত যি আহে সেই খাই ল'ব। যি সন্মুকত আহে, সেয়াই সংযোগ আৰু ভগৱানে কৈছে যে সংযোগক ধাক্কা (ঠেল) মাৰিলে সেই তোমাকেই লাগিব। এইকাৰণে মোৰ ভাল নলগা বস্তু কাঁহিত দিলে তাৰ পৰা দুটা বস্তু খাই লওঁ । নাখালে দুয়োৰে সৈতে কাজিয়া হ'ব । প্রথমে তো যোনে ৰান্ধিছে তেওঁৰ সৈতে ঝঞ্ঝট হ'ব, তিৰস্কাৰ কৰা হ'ব আৰু দ্বিতীয়তে, খাদ্যবস্তুৰ সৈতে । খাদ্যবস্তই ক’ব যে, ‘মই কি দোষ কৰিছোঁ ? মই তোৰ ওচৰলৈ আহিছোঁ, তুমি মোৰ অপমান কিয় কৰিছা ? যি ঠিক লাগে সিমান লোৱা, কিন্তু মোৰ অপমান নকৰিবা।' এতিয়া আমি তাক মান দিয়া উচিত নহয় নে ? মোক কোনোবাই ভাল নলগা বস্তু দিলেও মই তাক মান দিওঁ । কিয়নো এনেকুৱা এইকাৰণেই, এনেই একোৱেই পোৱা নাযায়, আৰু যদি পোৱা যায় তাক মান দিব লগা হয় ৷ কোনো বস্তু আপোনাক খাবলৈ দিছে আৰু আপুনি তাতে দোষ উলিয়াই তো ইয়াতে সুখ কমিব নে বাঢ়িব ?
য'ত সুখ কমি যায় এনেকুৱা কাম নকৰাই উচিত, নহয় নে ! মই তো অনেকবাৰ মোৰ ভাল লগা আঞ্জা নাথাকিলেও খাই লওঁ আৰু বৰং প্ৰশংসা কৰোঁ আজিৰ আঞ্জা বহুত ভাল হৈছে।
হেৰা, অনেকবাৰ চাহত চিনি নিদিলেও, মই নকওঁ । তেতিয়া মানুহে কয় যে, এনেকুৱা কৰিলে ঘৰত সকলো নষ্ট হৈ যাব।' মই ক'লো যে, “আপুনি কালি কি হয় চাব নে ?' তেতিয়া পিচদিনা শুনিব পালো যে, ‘কালি চাহত চিনি নাছিল, তথাপিও আপুনি মোক একো নকলে ?' মই ক’লো যে, ‘মোৰ কোৱাৰ কি প্রয়োজন ? তুমি তো বুজি পাবাই ! তুমি নাখালে মোৰ কোৱাৰ প্ৰয়োজন আছিল । তুমি তো খোৱা, তেনেহ'লে মোৰ কোৱাৰ কি প্রয়োজন ? !