________________
২৫
‘এডজাষ্ট এভৰীহোৱেৰ’! কোনোবাই আপোনাক মাৰিলেও আপুনি তাৰ সৈতে ‘এডজাষ্ট’ হৈ যাব ।
মই এই সৰল আৰু চিধা উপায় কৈছোঁ । আৰু এই সংঘাত কি সদায় হয় নে ? সেয়া নিজৰ কৰ্মৰ উদয় হয়, তেতিয়াহে হয়, সেই সময়ত আমি ‘এডজাষ্ট’ হ'ব লাগিব । ঘৰত পত্নীৰ সৈতে কাজিয়া হ'লে তাৰপিছত তেওঁক হোটেলত লৈ গৈ খুৱাই আনন্দিত কৰি দিবা ৷ এতিয়া অন্তর্দাহ থাকিব নালাগে।
সংসাৰৰ কোনো বস্তুৱেই আমাৰ ফিট (এডজাষ্ট) নহ'ব । আমি তাক ফিট হৈ যাওঁ তো এই সংসাৰ সুন্দৰ আৰু যদি তাক ফিট কৰিব যোৱা তো সংসাৰ টেড়া। এইকাৰণে ‘এডজাষ্ট এবৰীহোৱেৰ’। আমিয়ে তাতে ফিট হৈ যাওঁ তো কোনো অসুবিধা নাই ।
দাদাজী, পূর্ণত : এডজাস্টেবল
এবাৰ কঢ়ী (এবিধ আঞ্জা) ভাল হৈছিল কিন্তু নিমখ অলপ বেছি হৈছিল৷ মোৰ মনত বিচাৰ আহিল যে ইয়াতে নিমখ অলপ বেছি আছে, কিন্তু অলপ খাব তো লাগিবই নহয় ! হীৰাবা (দাদাজীৰ পত্নী) ভিতৰলৈ যোৱাত মই অলপ পানী মিহলাই দিলোঁ । তেওঁ সেইটো দেখিলে আৰু কলে ‘এইটো কি কৰিলে ?’ মই ক’লো, ‘আপুনি চৌকাৰ ওপৰত বহাই পানী ঢালে, মই ইয়াত তলত ঢালিছোঁ। তেতিয়া ক’লে, ‘কিন্তু মই তো পানী ঢালি তাক উতলাই দিওঁ ।’মই ক’লো, ‘মোৰ বাবে দুয়োটাই সমান।' মোৰ তো কামৰ সৈতে সম্পৰ্ক !
আপুনি মোক এঘাৰটা বজাত কয় যে, ‘আপুনি খানা খাই ল'ব লাগিব। মই কওঁ, ‘অলপ দেৰিকৈ খালে নচলিব নে ?' তেতিয়া যদি আপুনি কয় যে, নহয়, খানা খাই লওঁক, তো কাম শেষ হ'ব ।' তেনেহ'লে