________________
ওপৰত নিৰ্ভৰ কৰিছে। খং কৰি সদায় ৰাতি খাদ্য নবনাওঁ বুলি ক'লে, তেতিয়া আপুনি কি কৰিব ? ৰান্ধনী ক'ৰ পৰা আনিব ? এইকাৰণে পিচত ধাৰ কৰিও শাড়ী আনি দিব লাগিব, নহয় নে ?
আপুনি কিবা এনেকুৱা ব্যৱস্থা কৰক যে তেওঁ নিজেই শাড়ী নলয়। যদি আপুনি মাহত আঠ হাজাৰ টকা পাই, আপুনি এক হাজাৰ টকা নিজৰ জেপ খৰছৰ বাবে ৰাখি সাত হাজাৰ টকা তেওঁক দি দিব । জানাে তাৰ পিছত তেওঁ ক'ব যে শাড়ী আনি দিয়ক ? আৰু কেতিয়াবা আপুনিয়েই ধেমালী কৰি ক'ব যে সেই শাড়ীখন বহুত ধুনিয়া আছিল, নলয় কিয়?’তাৰ ব্যৱস্থা তেওঁ নিজেই কৰিব লাগিব । যদি ব্যৱস্থা আমি কৰিব লগা হয়, তেতিয়া তেওঁ আপােনাক বাধ্য কৰিব । এই সকলাে বিদ্যা মই ‘জ্ঞান’ হােৱাৰ আগতেই শিকিছিলোঁ । পিছত জ্ঞানী হৈছোঁ। সমস্ত বিদ্যাই মােৰ প্রাপ্তি হৈছিল, তেতিয়াহে মােৰ ‘জ্ঞান’ হৈছিল । এতিয়া কওঁক, এই বিদ্যা নাজানে, এই কাৰণেই এই দুখ হৈছে, নহয় নে ! আপুনি কি ভাৱে ?
প্রশ্নকর্তা ও হয়, ঠিকেই।
দাদাশ্রী ঃ এইটো আপনি বুজি পাইছে নে ? ভুল তাে তােমাৰ নিজৰেই, নহয়নে ? বিদ্যা নাজানে এই কাৰণেই নে ! বিদ্যা শিকাৰ প্রয়ােজন আছে । আপুনি একো কোৱা নাই যে ?
বিদ্বেষৰ (মনােমালিন্য) মূল কাৰণ ঃ অজ্ঞানতা
প্রশ্নকর্তা ও কিন্তু বিদ্বেষ (মনােমালিন্য) হােৱাৰ কাৰণ কি ? স্বভাৱ নিমিলে, এইকাৰণেই?
দাদাশ্রী ও অজ্ঞানতাৰ কাৰণে । সংসাৰৰ অর্থই হ’ল যে কাৰােৰ স্বভাৱ কাৰােৰ সৈতে নিমিলেই। এই জ্ঞান প্রাপ্ত কৰাৰ এটাই ৰাস্তা,