________________
১৮
লাগিব যে এওঁৰ কথাই এনেকুৱা। এইকাৰণে আপুনি এডজাষ্ট হৈ যাব লাগে । তাৰ সলনি যদি আপুনি প্রত্যুত্তৰ দিয়ে তাে আপুনি ভাগৰি পৰিব। কিয়নাে সি তাে আপােনাৰ সৈতে খুন্দিয়ালে, কিন্তু আপুনিও তাৰ সৈতে খুন্দিয়াই তাে আপােনাৰাে চকু নাই এনেকুৱা প্রমাণিত হৈ গ’ল, নহয় নে ? মই ক'ব বিচাৰিছোঁ যে প্রকৃতিৰ চাইন্স জানক। বাকী, আত্মা তাে বেলেগ বস্তু।।
বিভিন্ন, বাগিচাৰ ফুলৰ ৰংসুগন্ধ আপােনাৰ ঘৰ হ’ল এখন বাগিচা। সত্যযুগ, ত্রেতা আৰু দ্বাপৰ যুগত ঘৰ খেতিৰ নিচিনা আছিল। ক'ৰবাত অকল গােলাপেই আছিল, আন ক'ৰবাত আছিল অকল চম্পা । আজিকালি ঘৰ বাগিছাৰ নিচিনা হৈ গৈছে। এইকাৰণে আমি এইটো মােগৰা নে গােলাপ এনেকৈ পৰীক্ষা কৰিব নালাগে নে ? সত্যযুগত এনেকুৱা আছিল যে এখন ঘৰত গােলাপ হলে সকলােৱেই গােলাপ আৰু অন্য ঘৰত মােগৰা হলে অন্য সকলােৱেই মােগৰা হৈছিল। এখন পৰিবাৰত সকলােবােৰ গােলাপৰ গছ, এখন খেতিৰ নিচিনা, এইকাৰণে অসুবিধা হােৱা নাছিল আৰু আজিকালি বাগিছাৰ নিচিনা হৈ গৈছে । এখন ঘৰতে এজন গােলাপৰ নিচিনা আৰু অন্যজন মােগৰাৰ নিচিনা। এইকাৰণে গােলাপে চিঞৰে যে তুমি মােৰ নিচিনা কিয় নহয়? তােমাৰ ৰং চোৱা, কেনেকুৱা বগা, মােৰ ৰং কিমান সুন্দৰ! তেতিয়া মােগৰাই ক’ব যে তােৰ তাে অকল কাঁহট আছে। এতিয়া গােলাপ হলে তাে কাইট থাকিবই, মােগৰা হ'লে তাে কাঁইটনাথাকিব। মােগৰাৰ ফুল বগা হ'ব, গােলাপ ফুল গােলােপীয়া হ’ব, লাল হ'ব। এই কলিযুগত এখন ঘৰতে বেলেগ-বেলেগ গছ হয়। অর্থাৎ ঘৰ বাগিছাৰ নিচিনা হৈ গৈছে। কিন্তু এই তাে নিৰীক্ষণ কৰিবলৈ