________________
তেতিয়া সেই ভাইজনে ক'লে যে, ‘মােৰ তাে ঘৰ নষ্ট হৈছে, সন্তান বেয়া হৈছে , পত্নী বেয়া হৈছে।মই কলাে,একোই বেয়া হােৱা নাই। আপুনি সেয়া চাব’ নাজানে। ঘৰখন ‘চাবলৈ’ জানিব লাগে ।
| ঘৰত এডজাষ্টমেন্ট নহয়, তাৰ কাৰণ কি ? পৰিবাৰত বেছি সদস্য হলে, তেওঁলােক সকলােৰে সৈতে তাল-মেল নাথাকে। পিছত তিলকে তাল কৰাৰ নিচিনা হৈ যায়। সেয়া কি কাৰণে হয়? মানুহৰ যিটো স্বভাৱ ,সকলােৰে একে ধৰণৰ নহয়। যেনেকুৱা যুগ হয়, তেনেকুৱা স্বভাৱ হৈ যায় । সত্যযুগত পাৰস্পৰিক মিল থাকে । ঘৰত এশ জন সদস্য থাকিলেও দাদাজীয়ে যি কয়, সেই অনুসৰি সকলােৱে চলিছিল আৰু এই কলিযুগত তাে দাদাজীয়ে কিবা কলে তেওঁক ডাঙৰ ডাঙৰ গালি শুনাই দিয়ে। বাপেকে কিবা কয় তাে বাপেককো তেনেকৈ শুনাই দিয়ে ।
| এতিয়া মানুহ তাে মানুহেই, কিন্তু আপুনি চিনিব নাজানে। ঘৰত পঞ্চাশজন মানুহ আছে, কিন্তু আপুনি চিনিব নাজানে,এইকাৰণে কাজিয়াপেচাল হৈ থাকে । তেওঁলােকক চিনিব তাে লাগিব নহয়। ঘৰত এজন ব্যক্তিয়ে অনর্থক বাদ-বিবাদ কৰে তাে সেই তাৰ স্বভাৱ এ। এইকাৰণে আপুনি এবাৰ বুজি ল'ব লাগিব যে এওঁ এনেকুৱাই । আপুনি সঁচাকৈ চিনিব পাৰে যে এওঁ এনেকুৱাই? তেনেহ'লে তাতে আৰু কিবা অনুসন্ধান কৰাৰ প্রয়ােজন আছে নেকি ? আপুনি চিনিব পাৰিছে , তেনেহ'লে একোও অনুসন্ধান কৰাৰ প্রয়ােজন নাথাকে। কাৰােবাৰ ৰাতি দেৰীকৈ শুৱাৰ অভ্যাস হয় আৰুকাৰােবাৰ সােনকালে শুৱাৰ অভ্যাস, তেওঁলােক দুয়ােৰে সম্বন্বয় কেনেকৈ হ'ব ? আৰু পৰিবাৰত সকলাে সদস্য একেলগে থাকে তেনেহ'লে কি হব? ঘৰত এজন ব্যক্তি এনেকুৱাকৈ কওঁতাও থাকে যে আপুনি নির্বোধ হয়’, তেতিয়া আপুনি এনেকুৱাকৈ বুজি লব