________________
b
ভাল নালাগিলেও পালন কৰক
তোমাৰ সৈতে যোনে-যোনে ডিচএডজাষ্ট হ'বলৈ আহে, তেওঁৰ সৈতে তুমি এডজাষ্ট হৈ যোৱা । দৈনন্দিন জীৱনত যদি শাহু-বোৱাৰীৰ মাজত বা জা-ডাঙৰ জাৰ মাজত ডিচএডজাষ্টমেন্ট হয়, তেনেহ'লে যাৰ এই সংসাৰৰ ঘটনাচক্ৰৰ পৰা মুক্তি হোৱাৰ ইচ্ছা, তেওঁ এডজাস্ট হৈ যাব লাগিব । স্বামী-স্ত্ৰীৰ মাজত যদি কোনোবা এজনে ফাট আনে, তেনেহ'লে আনজনে সংযোগ কৰি ল'ব লাগে, তেতিয়াহে সম্বন্ধ ঠিকমতে চলি থাকিব আৰু শান্তি থাকিব । যিয়ে এডজাষ্টমেন্ট ল'ব নোৱাৰে, তাক মানুহে ‘মেন্টেল’ (পাগল ) ক’য়। এই ৰিলেটিভ সত্যৰ প্ৰতি আগ্ৰহ, জেদ কৰাৰ অলপো প্রয়োজন নাই । ‘মানুহ’ কাক কোৱা হয়, যিজনে এভৰীহোৱেৰ এডজাস্টেবল হয়। চোৰৰ সৈতেও এডজাস্ট হৈ যাব লাগে ।
শোধৰাব নে এডজাষ্ট হৈ যাব ?
প্রত্যেক পৰিস্থিততে আমি সন্মুখৰজনৰ সৈতে এডজাস্ট হৈ গ’লে বহুত কথাই সহজ হৈ যায় ৷ আমি লগত কি লৈ যাম ? কোনোবাই ক’ব যে, ‘ভাই, পত্নীক চিধা কৰি দিয়া ’ । ‘হেৰা, তেওঁক চিধা কৰিব গ’লে তো তুমি টেড়া হৈ যাবা’। এইকাৰণে ৱাইফক চিধা কৰিব নাযাবা, যেনে আছে তাকেই কৰেক্ট ক’বা । আপোনাৰ তেওঁৰ সৈতে চিৰদিনৰ লেন-দেন (সম্বন্ধ) হ'লে বেলেগ কথা, এইটো জনমতহে, তাৰ পিছত নাজানো ক'ত হেৰাই যাব। দুয়োজনৰ মৃত্যুকাল বেলেগ, দুয়োজনৰ কর্ম বেলেগ ! একো লেনা ও নাই আৰু দেনা ও নাই ! এই ঠাইৰ পৰা তেওঁ কাৰ তাত যাব তাৰ কি ঠিকনা ? আপুনি তেওঁক চিধা কৰিব আৰু
আগৰ জনমত যাব কোনো অন্যৰ ভাগত !