________________
তো যুগৰ মতেই চলিব। মোহ, অর্থাৎ নতুন- নতুন উৎপন্ন হয় আৰু নতুন-নতুনেই দেখায় ৷ মই বাল্যকালৰ পৰাই বুদ্ধিৰ দ্বাৰা অনেক বিচাৰ কৰি দেখিছিলোঁ যে এই জগতখন ওলোটা দিশত গৈছে নে চিধা হৈছে আৰু এইটোও বুজিছিলোঁ যে এই জগতক পৰিবৰ্ত্তন কৰাৰ কাৰো সত্তাই নাই। তথাপিও মই কি কৈছোঁ যে যুগৰ অনুসৰি এডজাষ্ট হৈ যাওঁক ল'ৰাই নতুন ধৰণৰ টুপি পিন্ধি আহিলে, তেতিয়া এনেকৈ নক'ব যে, ‘এনেকুৱা ক’ৰ পৰা লৈ আহিলা?' তাৰ সলনি এডজাষ্ট হৈ যাওঁক যে, ‘ইমান সুন্দৰ টুপি ক’ৰ পৰা আনিলা? কিমানত আনিলা? বহুত সস্তাত পালা?' এইদৰে এডজাষ্ট হৈ যাওঁক ।
1
আমাৰ ধৰ্মই (বীতৰাগ ধর্ম) কি কয় যে অসুবিধাত সুবিধা চাওঁক । ৰাতি মোৰ মনত ভাব হৈছিল যে, ‘এই চাদৰখন লেতেৰা।' কিন্তু পিচত এডজাষ্টমেন্ট কৰি লোৱাত তেতিয়া ইমান নৰম লাগিল যে নুসুধিব আৰু ! পঞ্চেন্দ্ৰিয়জ্ঞানে অসুবিধা দেখায় আৰু আত্মজ্ঞানে সুবিধা দেখায়। এইকাৰণে আত্মৰূপ হৈ থাকিব ৷
দুৰ্গন্ধৰ সৈতে এডজাষ্টমেন্ট
বান্দ্ৰাৰ (মুম্বাইত) নলা এটাৰ পৰা দুৰ্গন্ধ আহিলেও তাৰ সৈতে কি কাজিয়া কৰিবলৈ যাব নে? এইদৰেই এই মানুহবোৰে দুৰ্গন্ধ বিয়পায়, তেওঁলোকক কি ক'বলৈ যাব? দুৰ্গন্ধ বিয়পাই সিহঁতক নলা কয়, যাৰ পৰা সুগন্ধ আহে সিহঁতক বাগিছা কয়। যি সকলে দুর্গন্ধ বিয়পায় সিহঁতে কয় যে ‘আপুনি আমাৰ সৈতে বীৰাগ হওঁক !”
এই ভাল-বেয়া কোৱাত সেইবোৰেই আমাক বিৰক্ত কৰে ৷ আমি উভয়কে একেই মানি চলিব লাগে। ইয়াক ‘ভাল’ ক’লে, এইকাৰণে অন্যটো ‘বেয়া’ হ’ল। তেতিয়া পিছত সেইটোৱে বিৰক্ত কৰে৷ কিন্তু